পাঞ্জাৱ নেছ্নাল বেংকত হোৱা জালিয়াতি সন্দৰ্ভত আৰবিআইৰ বিবৃতি
১৬ ফেব্ৰুৱাৰী, ২০১৮ পাঞ্জাৱ নেছ্নাল বেংকত হোৱা জালিয়াতি সন্দৰ্ভত আৰবিআইৰ বিবৃতি একাংশ প্ৰচাৰ মাধ্যমত প্ৰকাশ যে পাঞ্জাৱ নেছ্নাল বেংক (PNB) ত হোৱা ১.৭৭ বিলিয়ন ডলাৰৰ জালিয়াতি সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে লেটাৰ অফ আন্ডাৰটেকিং (LOU) ৰ মাধ্যমত বেলেগ বেংকৰ দ্বাৰা ইয়াৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে পাঞ্জাৱ নেছ্নাল বেংকক নিৰ্দেশ দিছিল। আৰবিআইয়ে এনেকুৱা কোনো নিৰ্দেশ দিয়াৰ কথা অস্বীকাৰ কৰিছে। পাঞ্জাৱ নেছ্নাল বেংক (PNB) ত হোৱা এই জালিয়াতি বেংকটোৰ এক বা একাধিক কৰ্মচাৰীৰ অপৰাধ মূলক আচৰণ আৰু আভ্যন্তৰীণ নিয়ণ্ত্ৰণ উদ্ভূত কৰ্মক্ষম বিপদাশংকাৰ উদাহৰণ। ইতিমধ্যে আৰবিআইয়ে পাঞ্জাৱ নেছ্নাল বেংক (PNB) ৰ নিয়ণ্ত্ৰণ ব্যৱস্থাৰ নিৰীক্ষণমূলক মূল্যাংকণ কৰিছে আৰু যথোচিত নিৰীক্ষণমূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। জোচ জে কট্টুৰ প্ৰেছ বিজ্ঞপ্তি : ২০১৭-২০১৮/২২৩৩ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: